Posts

পানচৈ

Image
  পানচৈ বৈদ্যুতিন আলোচনী সন্তপুৰ চিচাপথাৰ উ: মা: বিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ - ২০২৪ কবিতাৰ কুকি সতীৰ্থ মিলন                            লাৱণ্য চেতিয়া বৰা                      প্ৰাক্তন ছাত্ৰী   সোঁৱৰণিৰ কুঁৱলী ফালি  ভাহি আহে মনলৈ এখন দুখনকৈ  সেই চিনাকি মুখবোৰ  মানসপটত জিলিকি উঠে  মোৰ শৈশৱ,  মোৰ কৈশোৰ  উভতি আহে সেই ৰঙীন দিনবোৰ  খিল্খিলাই হাঁহি উঠা  তেজোদীপ্ত সেই অতীতৰ  স্কুলীয়া জীৱনৰ সুখবোৰ  চকুৰে বিছাৰি ফুৰে  এই সতীৰ্থ মিলনত  স্মৃতিয়ে মোৰ অতীতলৈ পাখি মেলে আজুৰি আনে সেই মধুৰ স্মৃতি  যি স্মৃতিয়ে জীপাল কৰে  মোৰ মন প্ৰাণ হৃদয়  সতীৰ্থ মিলন তোমাৰেই জয়   ----------------- X ----------------- বাটৰুৱা                                     চিত্তাংগী সন্দিকৈ                                    প্ৰাক্তন ছাত্ৰী এটি   পল জননীৰ   মৰম   বিচাৰি   পৃথিৱীৰ   মায়াজাল   নেওচি অলেখ   ঢৌৰ   লয়লাসত স্বপ্নভংগ   জীৱন   পথত এতিয়া ,   অস্থায়ী   লক্ষ্যৰে এখোজ   দুখোজ   কৰি দেখিছোঁ   দূৰৈত   স্বপ্নৰ   জিলিঙনি চিৰ   স্থায়ী   এক   লক্ষ্য দিঠক   আৰু   স্বপ্ন পিছলি   পৰাৰ   মাদকতা একা   বেঁকা   দীঘলীয়া   আৰু   মোৰ